Astranga youga(written by: Mrinmoy Saikia)

       

       🔱অষ্টাঙ্গ যোগ🔱   

                                                        

                                                             Crested by: Mrinmoy Saikia 

    যি কৌশলে মনক আত্মসংস্থ কৰি আত্মস্বৰূপ বিকশিত কৰাত সহায় কৰে তাকে যোগ বোলে। এই যোগক আঠ প্ৰকাৰে সাধন কৰাৰ প্ৰণালী আছে; যাক সামূহিকভাৱে অষ্টাঙ্গ যোগ বোলা হয়। অষ্টাঙ্গ যোগৰ শিতানসমূহ হ'ল- যম,নিয়ম, আসন, প্রাণায়ম, প্রত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি ।


১। যমঃ যোগ দর্শনত 'যম' এক প্ৰকাৰৰ নিষেধাত্মক বিধি; য'ত অহিংসা, মিতা, অস্তেয়, ব্রহ্মচর্য, অপৰিগ্ৰহৰ দৰে নিষেধসমূহ জড়িত হৈ থাকে।


২। নিয়মঃ শৌচ, সন্তোষ, তপঃ স্বাধ্যায়, ঈশ্বৰ প্রণিধান এই উপাদান কেইটাৰ যোগেদি নিয়ম নিরূপন কৰা হয়। বাস্তৱিকতে নিয়ম হ'ল নিয়মিত অভ্যাস তথা ব্রত পালন। 'নিয়ম'ৰ লগত অন্তর্নিহিত শিতানসমূহক এইদৰে ব্যাখ্যা কৰিব পাৰি-



শৌচ: শৌচ দুই প্ৰকাৰৰ-

১) বাহ্যিক আৰু

২) অন্তঃশৌচ।



৩। আসন: যেতিয়া বহু সময় স্থিৰভাৱে স্বচ্ছন্দে বহি থাকি একাগ্ৰতাৰে মনক স্থিৰ কৰি ৰখা যায় তাকে আসন বোলে। যোগশাস্ত্র অনুযায়ী দেহক স্থিৰভাৱে সুখজনক অৱস্থাত স্থাপন কৰাই হ'ল আসন (স্থিৰসুখমাসনম্)। আসন ভিন্ন প্ৰকাৰৰ;তাৰ ভিতৰত সিদ্ধাসন, পদ্মাসন, সিংহাসন আৰু ভদ্রাসন এই চাৰি আসনেই প্রমুখ।


৪। প্রাণায়ম: শ্বাস প্রশ্বাসৰ গতি সংযত কৰাৰ উপায়ৰ সৈতে প্রাণায়ম জড়িত (শ্বাসপ্রশ্বাসয়োঃ গতি বিচ্ছেদঃ প্রাণায়মঃ)। প্রাণায়মে শৰীৰত থকা জীৱনী শক্তিক বশীভূত কৰি ৰাখে। প্রাণায়ম তিনি প্ৰকাৰৰ- ১) শ্বাস, ২) প্রশ্বাস আৰু ৩) কুম্ভক


৫। প্রত্যাহাৰ : বিষয় বাসনাত আসক্ত হ'ব বিচৰা ইন্দ্রিয় সমূহক বলপূর্বকভাবে নিজৰ নিয়ন্ত্রণণ ৰথাকে প্রত্যাহাৰ বোলা হয়। অর্থাৎ চিত্তৰ অনুগান্ত কৰি ৰাখি ইন্দ্রিয় নিয়ন্ত্রণ কৰাতো প্রত্যাহাৰৰ অংশ বিশেষ ।


৬। ধাৰণা: হৃদিপদ্মে, ক্রমধ্যে, নামগ্রে বা কোনো দিব্য মূর্তিত চিত্ত আৱদ্ধ কৰি ৰখা স্থিতিক ধাৰণা বোলা হয় । অর্থাৎ শৰীৰৰ ভিতৰত বা বাহিৰৰ কোনো বস্তুত কিছু ক্ষণ ঐকান্তিকতাৰে মনঃসংযোগ ঘটোৱাকে ধাৰণা বোলা হয়।


৭। ধ্যান: ধাৰণাৰ পৰিপক্ক অবস্থাই হ'ল ধ্যান। যি বিষয়ে চিত্তত ধাৰণা । অর্থাৎ চিজজা কৰা হয় সেই বিষয়ে অবিচ্ছিন্নভাবে প্রবাহিত চেতনাক ধ্যান বোলা হয়। 


৮) সমাধিঃ ধ্যানৰ পৰিপক্ক অৱস্থাই সমাধি। ধাৰণা অবিচ্ছিন্ন হ'লে ধ্যান আৰু ধ্যান গম্ভীৰ হ'লে হয় সমাধি। সমাধি দুই প্ৰকাৰৰ-

১) সম্প্রজ্ঞাত বা সবীজ আৰু

২) অসম্প্রজ্ঞাত বা নির্বীজ সমাধি।


                   Written by :  Mrinmoy Saikia 


Comments

Popular Posts